আকাশমাৰ্গত একেৰাহে ১৭ ঘন্টা যাত্ৰ কৰি ইতিহাস ৰচিলে Air India ৰ ৪ মহিলা পাইলটে
ডিজিটেল ডেস্কঃ প্ৰৱল ইচ্ছাশক্তি আৰু আত্মবিশ্বাস থাকিলে সকলো যে সম্ভৱ, সেয়া প্ৰমাণ কৰি Air India ৰ চাৰি মহিলা পাইলটে কৰি দেখুৱালে ৷ কেৱল সিমানেই নহয় উক্ত মহিলা পাইলট ক্ৰমে কেপ্টেইন জয়া আগৰৱালা, কেপ্টেইন পাপাগিৰি থানমেই, কেপ্টেইন আকাংক্ষা আৰু কেপ্টেইন শিৱানীয়ে ইতিহাস সৃষ্টি কৰিলে ৷
আকাশমাৰ্গত ১৭ ঘন্টা একেৰাহে যাত্ৰা কৰি ১৬,০০০ কিঃমিঃ পথ অতিক্ৰম কৰি ছান ফ্ৰান্সিস্কোৰ পৰা বাংগালুৰুত উপস্থিত হ’ল AI176 বিমানখন ৷ চাৰিগৰাকী মহিলা পাইলটক লৈ গৌৰান্বিত সমগ্ৰ ভাৰতবাসী ৷