Daily Time Axom

দেশে ১৬ জানুৱাৰীৰ পৰা লাভ কৰিব কৰোণা ভেকচিন

0 6

ডিজিটেল ডেস্ক: বিশ্বজুৰি কৰোণা ভাইৰাছৰ সন্ত্ৰাসৰ পিছত বৰ্তমান সমগ্ৰ বিশ্বই কৰোণাৰ সঠিক ভেকচিনৰ‌ অপেক্ষাত আছে।কৰোণাৰ ভেকচিন আবিষ্কাৰৰ বহুতো পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত চলিত মাহৰ মাজ ভাগৰ পৰা অৰ্থাৎ ১৬ জানুৱাৰীৰ পৰা কৰোণাৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ’ব। জানুৱাৰী মাহৰ পৰা জুলাই মাহৰ ভিতৰত এই ভেকচিন প্ৰদান প্ৰক্ৰিয়া সমাপ্ত কৰিব। ভেকচিন সম্পৰ্কে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষজ্ঞৰ সতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়।এই বৈঠকত মিলিত হোৱাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতবৰ্ষত ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ আৰম্ভণিতে ৩০ কৌটি লোকক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।এই লোক সকলৰ ভিতৰত স্বাস্থ্যকৰ্মী, মজদুৰ আৰু সীমান্তবৰ্তী অঞ্চলৰ মজদুৰ সকলো অন্তৰ্ভুক্ত হৈ আছে।জুলাই লৈকে এই লোক সকলক ভেকচিন প্ৰদান সমাপ্ত কৰাৰ পিছত দেশৰ অন্য লোক সকলক পৰ্যায়ক্ৰমে ভেকচিন প্ৰদান কৰা হ’ব। উল্লেখ্য যে এই ভেকচিন প্ৰদান কৰিবলৈ দেশৰ ৭০০ তকৈয়ো অধিক জিলাত ১.৫ কোটি স্বাস্থ্যকৰ্মীক বিশেষ ভাৱে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা হাতত লৈছে।

Leave A Reply

Your email address will not be published.