Daily Time Axom

কাজিৰঙাৰ সংৰক্ষিত এলেকাত সমুহীয়াভাৱে মাছ ধৰাত প্ৰশাসনৰ নিষেধাজ্ঞা

0 7

ডিজিটেল ডেস্ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত এলেকা সমূহত মাঘ বিহুৰ উৰুকাৰ দিনা সমূহীয়া ভাবে মাছ মৰাত প্ৰশাসনে নিশেধাজ্ঞা আৰোপ কৰিছে । কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ প্ৰতিবেদন মৰ্মে কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিয়ে বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল এলেকা সমূহত অহা ১৩ আৰু ১৪ জানুৱাৰীত ৫ জনতকৈ অধিক লোকৰ সমাগম আৰু কোনো মাছ ধৰা সামগ্ৰী,যিকোনো মৰানাস্ত্ৰ কঢ়িয়াই লৈ ফুৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। আৰু ইয়াৰ লগতে আইন ভংগ কাৰীৰ বিৰুদ্ধে প্ৰশাসনে আইনগত ব্যৱস্থা লোৱা হব বুলি উল্লেখ কৰে । প্ৰতিবছৰে উৰুকাৰ দিনা সমুহীয়াকৈ মাছ ধৰাৰ বাবে বনাঞ্চল সমূহৰ শান্তি শৃংখলা ব্যাহত হোৱাৰ লগতে বন্য প্ৰাণীৰ সুৰক্ষাৰ প্ৰতি ভাবুকি অহাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰাৰ কথা জানিবলৈ দিয়ে ।

Leave A Reply

Your email address will not be published.