Daily Time Axom

ডুমডুমাত ভয়ংকৰ পথ দুৰ্ঘটনা

0 11

ডিজিটেল ডেস্ক: পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সোমবাৰে ডুমডুমা FRU চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতি ৰ সৃষ্টি হয়। সোমবাৰে নিশা ডুমডুমাৰ সমীপৰ বিছাকুপিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ফুলেশ্বৰ বৰ্মণ নামৰ এজন ৪০ বছৰীয়া লোক গুৰুতৰ ভাৱে আহত হয়। দুৰ্ঘটনাত পতিত লোকজনক স্থানীয় ৰাইজে ডুমডুমাৰ FRU চিকিৎসালয়ত ততাতৈয়াকৈ ভৰ্তি কৰে যদিও বহু সময়ৰ পিছতো কোনো ধৰনৰ চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।ইফালে ইয়াৰে একাংশ উত্তেজিত লোকে কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্চক শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰো অভিযোগ তুলিছে চিকিৎসা কৰ্মী সকলে।ইয়াৰ পৰৱৰ্তী সময়ত এই ঘটনাৰ খবৰ পাই FRU চিকিৎসালয়খনত ডুমডুমা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলে চেষ্টা কৰে যদিও উত্তেজিত একাংশ লোকে আৰক্ষীৰ সৈতেও তৰ্ক যুদ্ধত লিপ্ত হয় । উল্লেখ্য যে বিছাকুপিত সংঘটিত দুৰ্ঘটনাটোত AS 23 T 7250 নম্বৰৰ এখন মটৰ চাইকেলত থকা ফুলেশ্বৰ বৰ্মণ নামৰ লোক জন মৃত্যু হোৱাৰ লগতে তেওঁৰ লগত থকা ললিত হাজৰিকা‌ নামৰ যুৱকজনো আঘাতপ্ৰাপ্ত হয়।

Leave A Reply

Your email address will not be published.