ডিজিটেল ডেস্ক: অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ আনন্দৰ মাজতো লাইকা দধীয়াবাসীয়ে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি থকা পৰিলক্ষিত হৈছে।অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যেতি গগৈয়ে বৃহস্পতিবাৰে এই প্ৰতিবাদী ৰাইজৰ কাষত থিয় হৈ তেওঁলোকৰ খবৰ লোৱা দেখা যায়। লাইকা-দধীয়া অঞ্চলৰ প্ৰায় ১৪ শ পৰিয়ালে পুনৰ সংস্থাপনৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ এডোখৰ চৰকাৰী ভূমিত অস্থায়ীভাৱে শিৱিৰ স্থাপন কৰি যোৱা ২২ ডিচেম্বৰৰ পৰা বিগত 24 দিন ধৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আহিছে । উল্লেখ্য যে ইয়াৰে কেইবাগৰাকীও প্ৰতিবাদকাৰী ইতিমধ্যে শ্বহীদ হৈছে। লাইকা দধীয়াবাসীৰ এই সংগ্ৰামী জীৱন প্ৰত্যক্ষ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যেতি গগৈয়ে লাইকা দধীয়াবাসীক লৈ কোনো ধৰণৰ প্ৰলোভনৰ ৰাজনীতি নকৰিবলৈ চৰকাৰক সকিয়াই দিয়ে।