Daily Time Axom

বৰুৱা বামুণগাঁৱৰ প্ৰেছক্লাবত পাঁচজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন

0 9

ডিজিটেল ডেস্ক: শুকুৰবাৰে বৰুৱা বামুণ গাঁৱৰ প্ৰেছক্লাবৰ উদ্যোগত অঞ্চলটোৰ পাঁচজন বিশিষ্ট ব্যক্তিক ভোগালীৰ ওলগ ও সম্বৰ্ধনা জ্ঞাপন কৰে। শিক্ষাব্ৰতী তথা প্ৰবীণ শিল্পী শিৱপ্ৰসাদ শৰ্মা ঠাকুৰ, শিক্ষাব্ৰতী লেখক বীৰেণ ঠাকুৰ, মুহিবুল হক, প্ৰবীণ সাংবাদিক ধীৰেণ নেওগ আৰু বিশিষ্ট সমাজকৰ্মী সৰুল’ৰা বৰুৱা আদি এই বিশিষ্ট ব্যক্তি কেইজনক বিহুৱান,চেলেং আৰু সম্বৰ্ধনা পত্রৰে বিহুৰ সম্ভাষণ জনায়। অনুষ্ঠানটোত প্ৰেছক্লাবৰ সভাপতি অৰুণ বিকাশ বৰুৱা, কাৰ্য্যকৰী সভাপতি আবেদুল চুলতান, সম্পাদক দ্বয় অনিন্দ্য সুন্দৰ শৰ্মা ঠাকুৰ লগতে বিজয় হাজৰিকাকে ধৰি আব্দুল মান্নাফ, পলাশজ্যোতি বৰা, নিৰ্মল কলিতা আদি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.