Daily Time Axom

উৰিয়ামঘাটত গোৰ্খা উন্নয়ন পৰিষদৰ নৱ নিৰ্বাচিত অধ্যক্ষ প্ৰেম তামাঙক সম্বৰ্ধনা

0 8

ডিজিটেল ডেস্কঃ– শনিবাৰে ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত উৰিয়ামঘাট গোৰ্খা উন্নয়ন পৰিষদৰ নৱ নিৰ্বাচিত সভাপতি প্ৰেম তামাঙক সম্বৰ্ধনা জনায় । উল্লেখ্য যে, শ্বহীদ দুৰ্গা মল্ল ফাউন্ডেশ্যন উৰিয়ামঘাট আঞ্চলিক সমিতিৰ উদ্যোগত এক বিশেষ অভিনন্দন অনুষ্ঠান উপলক্ষে আয়োজন কৰা মুকলি সভাত স্থানীয় সমাজকৰ্মী ভূপেন্দ্র পিঠাকটিয়ে সভাপতিত্ব কৰে লগতে মঞ্চ উদ্বোধন কৰে গোৰ্খা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি প্ৰেম নেৱাৰে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গোৰ্খা উন্নয়ন পৰিষদৰ সদস্য সঞ্জীৱ চেত্ৰী, ৰাজ নেৱাৰ , মহেন্দ্র ৰায়, উৰিয়ামঘাট প্ৰেছক্লাৱৰ সভাপতি প্ৰতাপ গগৈ সহ ভালেকেইজন বিশিষ্ট ব্যক্তি। নৱ নিৰ্বাচিত অধ্যক্ষ প্ৰেম তামাঙে উৰিয়ামঘাটৰ সীমান্ত অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্রত বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.