Daily Time Axom

উৰিয়ামঘাটত সন্ধানহীন এজন ৪৮ বছৰীয়া লোক

0 8

ডিজিটেল ডেস্কঃ– ধনশিৰি মহকুমাৰ উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত সোণালীনগৰ গাঁৱৰ বাসিন্দা খগেন শইকীয়া নামৰ ৪৮ বছৰীয়া এজন লোক যোৱা ৬ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে । উল্লেখ্য যে, পৰিয়ালৰ লোকৰ মতে খগেন শইকীয়া শাৰীৰিক আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত । খগেন শইকীয়া দৈনিক ঘৰৰ পৰা ওলায় যোৱাৰ দৰেই ৬ জানুৱাৰীৰ দিনাও উৰিয়ামঘাট বজাৰলৈ বুলি ওলায় গৈছিল আৰু সেই দিন ধৰি আজি পৰ্যন্ত নিখোজ হৈ আছে । উক্ত ঘটনাটোৰ বিষয়ে পৰিয়ালৰ লোকে উৰিয়ামঘাট আৰক্ষীক অৱগত কৰিছে। কোনো লোকে যদি খগেন শইকীয়া নামৰ লোকজনৰ সন্ধান পায় তেনেহ’লে 8133055335 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে ।

Leave A Reply

Your email address will not be published.