ডুমডুমাৰ বিছাকুপিত শোকাৱহ পথ দূৰ্ঘটনা ।
ডিজিটেল ডেস্ক:-তিনিচুকীয়া জিলাৰ বিছাকুপিত যাত্ৰীবাহী বাছৰ খুণ্ডাত থিতাতে নিহত এজন পথাচাৰী ।শিৱসাগৰৰ পৰা নামচাইলৈ গৈ থকা AS 04 BC 5155 নম্বৰৰ এখন যাত্ৰীবাহী বাছৰ খুণ্ডাত থিতাতে নিহত হ’য় লোকজন ।

উল্লেখ্য যে , বৰ্তমানলৈকে নিহত লোকজন চিনাক্ত হোৱা নাই । দূৰ্ঘটনা সংঘটিত কৰিয়েই বাছৰ চালক সহ হেণ্ডিমেন ঘটনা স্থলীৰ পৰা পলায়ন কৰে ।