বহু অপেক্ষাৰ অন্তত দেশত আৰম্ভ হ’ল ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া
ডিজিটেল ডেস্কঃ বহু অপেক্ষাৰ অন্তত দেশে লাভ কৰিলে ক’ভিড ভেকচিন। শনিবাৰে দেশ তথা ৰাজ্যত ক’ভিড ভেকচিন প্ৰক্ৰিয়া আৰম্ভ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অনলাইন যোগে শুভাৰম্ভণি কৰে কৰ’না ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পৰাকৈ প্ৰস্তুত কৰি উলিওৱা কোভিশ্বিল্ড আৰু কোভেক্সিন নামৰ প্ৰতিষেধক প্ৰদানৰ কাম।
উল্লেখ্য যে, দেশৰ ২,৯৩৪ টা কেন্দ্ৰত ভেকচিন প্ৰদানৰ কাৰ্য্যসূচী হাতত লয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লগতে দেশৰ ৩ লাখ কভিড যোদ্ধাক এই ভেকচিন প্ৰদান কৰিব।
বহু জল্পনা কল্পনাৰ অৱসান ঘটাই অৱশেষত দেশৰ ভিন্ন ৰাজ্যৰ লগতে অসমৰ ৬৫ টা কেন্দ্ৰত ভেক্সিনেশ্যনৰ কাৰ্য্যসূচীত প্ৰতিটো কেন্দ্ৰতে ১০০ জনকৈ লোকে লাভ কৰিব ক’ভিড ভেকচিন।