Daily Time Axom

ডুমডুমাত ৰূপকোঁৱৰৰ মৃত্যু বাৰ্ষিকী উদযাপন

0 8

ডিজিটেল ডেস্ক: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যু বাৰ্ষিকী। তিনিও কালৰ এই মহান শিল্পী গৰাকীক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মৰণ কৰা পৰিলক্ষিত হৈছে।ডুমডুমা শাখা সাহিত্য সভা আৰু ডুমডুমা মাৰোৱাৰী যুৱ মঞ্চৰ যৌথ উদ্যোগত আজি চাহ নগৰী ডুমডুমাতো শিল্পী দিৱস উদযাপন কৰা দেখা গৈছে।ডুমডুমাৰ মাজমজিয়া স্থিত ৰূপকোঁৱৰৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত এই মহান শিল্পী গৰাকীৰ এক সোঁৱৰণী অনুষ্ঠান অনুষ্ঠিত কৰিছে। উল্লেখ্য যে শিল্পী গৰাকীলৈ গভীৰ শ্ৰদ্ধা জনাই তেওঁৰ প্ৰতিমূৰ্তিত মাল্যপৰ্ণ কৰি জ্যোতি সংগীতৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে । আৰু ইয়াৰ লগতে সন্ধিয়ালৈ বন্তি প্ৰজ্বলন কৰি মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে ।

Leave A Reply

Your email address will not be published.