Daily Time Axom

গোলাঘাটৰ থুৰামুখত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু মাইকী নাহৰফুটুকীৰ

0 9

ডিজিটেল ডেস্কঃ দেওবাৰে গোলাঘাট জিলাৰ থুৰামুখত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তীব্রবেগী ট্ৰাকৰ খুন্দাত এজনী প্ৰায় ১০-১২ বছৰীয়া নাহৰফুটুকী বাঘৰ মৃত্যু হয়।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি নামবৰ হাবিৰ পৰা ওলায় আহি অঞ্চলজুৰি সন্ত্ৰাস চলোৱা নাহৰফুটুকী বাঘটোৱে পথৰ ইপাৰ হওঁতেই দুৰ্ঘটনাটোত পতিত হৈ মৃত্যু হয়।
উক্ত ঘটনাটোৰ খবৰ পায় বন বিভাগৰ কৰ্মচাৰী আহি ঘটনাস্থলীত উপস্থিত হৈ মৃত বাঘটোক উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
গোলাঘাটৰ ভিন্ন প্ৰান্তত বাঘৰ এনে মুক্ত বিচৰণৰ ফলত জিলাখনৰ থুৰামুখবাসীৰ মাজত এতিয়া আতংকই বিৰাজ কৰাৰ লগতে অঞ্চলটোত পৰৱৰ্তী সময়টো এনে ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ।

Leave A Reply

Your email address will not be published.