ডুমডুমা মহাবিদ্যালয়ত ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰদৰ্শন ।

ডিজিটেল ডেস্ক: ভাৰতীয় সেনা বাহিনী দিৱসৰ লগত সংগতি ৰাখি ডুমডুমা মহাবিদ্যালয়ৰ প্ৰাঙ্গণত ভাৰতীয় সেনাৰ 14 অসম ৰাইফলছে দেওবাৰে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। বিভিন্ন সম্পৰ্কে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অস্ত্ৰ – শস্ত্ৰ সাম্যক জ্ঞান দিয়াৰ উদ্দেশ্যে ভাৰতীয় সেনা বাহিনীয়ে এই অনুষ্ঠান আয়োজন কৰে।এই বিশেষ অনুষ্ঠানটোত ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে । উল্লেখ্য যে ৰূপাইস্থিত 14 অসম ৰাইফলচ্‌ৰ সেনা চাউনীত NCCৰ কেডেট আৰু শিক্ষিত যুৱক- যুৱতীক কেনেকৈ সেনাৰ উচ্চ- পদস্থ বিষয়া হ’ব পাৰি তাৰ উপযুক্ত প্ৰশিক্ষণ দিয়া হ’ব বুলি এই কাৰ্যসূচীতে 14 অসম ৰাইফলচ্‌ৰ সেনা বিষয়াই সদৰি কৰে ।

Comments (0)
Add Comment