ডিজিটেল ডেস্ক:- সোমবাৰে গোলাঘাট পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে গঞা ৰাইজে । গোলাঘাট পৌৰসভাৰ জাবৰ নিষ্কাশনৰ স্থান স্থানান্তৰ কৰি বৈজ্ঞানিক পদ্ধতিৰে নিষ্কাষণ কৰাৰ দাবীত গোলাঘাটৰ এৰেঙাপাৰ নৰাগাঁওত বহু কেইটা দল সংগঠনৰ লগতে স্থানীয় ৰাইজ তথা শিশুসকলে ৰাজহুৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে , গোলাঘাট পৌৰসভাৰ জাবৰ নিষ্কাশন কাৰ্য্যৰ প্ৰক্ৰিয়াই স্থানীয় ৰাইজৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিস্তৰ ক্ষতি সাধন কৰি আহিছে বুলি দাবী জনাইছে প্ৰতিবাদকাৰী ৰাইজে । ইফালে এই সম্পৰ্কে পুৰ্বেও বহু বাৰ সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰিছে যদিও গোলাঘাট পৌৰসভাই কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন কৰা নাই বুলিও এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে। সোমবাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি গোলাঘাট পৌৰসভাক অতিশীঘ্ৰে জাবৰ নিষ্কাশনৰ স্থান স্থানান্তৰ কৰি বৈজ্ঞানিক পদ্ধতিৰে নিষ্কাষণৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে ইয়াৰ অন্যথা আগন্তুক সময়ত অনিৰ্দিষ্ট কাললৈ এই প্ৰতিবাদ অব্যাহত থাকিব বুলি সদৰি কৰিছে প্ৰতিবাদকাৰী ৰাইজে।