ভাৰতীয় ক্ৰিকেট টীমৰ অভুতপূৰ্ব সাফল্যত টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ বলিউডৰ বাদছাহ শ্বাহৰুখ খানৰ
ডিজিটেল ডেস্ক:-মঙ্গলবাৰে টেষ্ট শৃংখলাত ২-১ ব্যৱধানত অষ্ট্ৰেলিয়াক পৰাজিত কৰি ‘ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি ‘ শৃংখলা জয়ৰে অষ্ট্ৰেলিয়াৰ মাটিতে ইতিহাস ৰচিলে ভাৰতে। সুদীৰ্ঘ ৩২ টা বছৰৰ পিছত অষ্ট্ৰেলিয়াত ‘বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি ‘ ছিৰিজ জয় কৰাৰ পিছতে উৎফোল্লিত হৈ পৰিছে ভাৰতীয় ক্ৰিকেট অনুৰাগী সকল । ভাৰতীয় ক্ৰিকেট টীমৰ এই বৃহৎ জয়ৰ পিছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহুতো প্ৰাক্তন খেলোৱৈয়ে ভাৰতীয় দলটোক অভিনন্দন জ্ঞাপন কৰে । ইয়াৰ সমান্তৰালকৈ বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । জনপ্ৰিয় অভিনেতা গৰাকীয়ে এই সম্পৰ্কে টুইট যোগে মন্তব্য আগবঢ়াই কয় যে ভাৰতীয় দলৰ এয়া এক অভুতপূৰ্ব সাফল্য। ইয়াৰ পিছৰ বলটো কি হ’ব খেলখনে কি ৰূপ লবগৈ সেয়া প্ৰত্যক্ষ কৰোঁতে গোটেই ৰাতিটো সাৰে থাকিলো , এতিয়া আৰু শান্তিৰে টোপনি যাব পাৰিম বুলি মন্তব্য কৰিছে বাদছাহ শ্বাহৰুখ খানে।