অসমত কেতিয়াকৈ হব নিৰ্বাচন ? NRC ত নাম নথকাসকলে ভোট দিব পাৰিবনে ?

ডিজিটেল ডেস্কঃ– বুধবাৰে হোটেল ৰেডিছন ব্লুত মুখ্য সচিব,ডিজিপি কে ধৰি শীৰ্ষ বিষয়াৰে সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্য নিৰ্বাচনী আয়ুক্তই সংবাদমেলযোগে মু্খ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰায়ে নিৰ্বাচন সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ায় ৷ ৰাজ্যৰ ৰাজনৈতিক দলসমূহে বহাগ বিহুৰ পূৰ্বে নিৰ্বাচন হোৱাটো বিচাৰিছে বুলি তেঁও জানিবলৈ দিয়ে ৷ এক স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে এইবাৰ ভোটদানৰ সময় পূৰ্বতকৈ একঘণ্টা বাঢ়িব । আনহাতে NRC ত নাম নাথাকিলেও ভোটৰ তালিকাত নাম থাকিলে ভোট দিব পাৰিব ভোটাৰে । ইফালে অনলাইন পদ্ধতিৰেও প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। এইবাৰ নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰাৰ ক্ষেত্ৰত কঠোৰ হ’ব নিৰ্বাচনী আয়োগ । প্ৰচাৰৰ ক্ষেত্ৰত প্ৰাৰ্থী সহ কেৱলমাত্ৰ পাঁচজনেহে ঘৰে ঘৰে যাব পাৰিব ৷ আনহাতে নিৰ্বাচনী দিন নিৰ্ধাৰণৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ মন্তব্য। আগন্তুুক পৰীক্ষাৰ সূচীসমূহ পৰীক্ষা কৰিহে নিৰ্বাচনৰ দিন-বাৰ ঠিক কৰা হ’ব। কোভিড প্ৰটকলৰ মাজেৰে অনুষ্ঠিত হ’ব নিৰ্বাচন।
গ্ৰামাঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰ সমূহ সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ’ব।
সমান্তৰালভাৱে এহেজাৰ ভোটাৰ থকা ভোটকেন্দ্ৰৰ ওচৰতে স্থাপন কৰা হ’ব নতুন ভোটকেন্দ্ৰ।ইভিএমৰ জৰিয়তে অনুষ্ঠিত হ’ব নিৰ্বাচন। নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ বাবে নিয়োগ কৰা হ’ব নিৰীক্ষক।

Comments (0)
Add Comment