ডিজিটেল ডেস্ক:- ড’নাল্ড ট্ৰাম্পক পৰাজিত কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বাইডেন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটাইতকৈ বয়সস্থ ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হোৱা ৭৮ বছৰীয়া জ’বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা কমলা হেৰিছে ২০ তাৰিখ বুধবাৰে আমেৰিকাৰ সময় অনুসৰি পুৱা ১১.৩০ বজাত শপত গ্ৰহণ কৰিব। আৰু ইয়াৰ পিছতে বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে জ’ বাইডেনে দায়িত্বভাৰ গ্ৰহণ কৰিব। জ’বাইডেনে ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ আগ মূহুৰ্তত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁলৈ শুভকামনা জ্ঞাপন কৰা পৰিলক্ষিত হয়। শপত গ্ৰহণৰ পূৰ্বে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনক আৱেগিক হোৱা দেখিবলৈ পোৱা যায়।