ডিজিটেল ডেস্ক:- গোলাঘাট ডাম্পিং গ্ৰাউণ্ডত উপস্থিত হৈ পৰিস্থিতি বুজ ল’লে সাংসদ গৌৰৱ গগৈয়ে। উল্লেখযোগ্য যে, বিগত তিনিদিন ধৰি অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰি অহা গোলাঘাট পৌৰসভা এলেকাধীন ৰূপনগৰৰ বাসিন্দা সকলৰ সৈতে বুধবাৰে সাংসদজনে মত বিনিময় কৰাৰ লগতে সমগ্ৰ গোলাঘাট নগৰৰ আৱৰ্জনা পেলোৱা ডম্পিং গ্ৰাউণ্ডত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’লে সাংসদ গৌৰৱ গগৈয়ে ৷ উল্লেখযোগ্য যে, গোলাঘাট পৌৰসভা এলেকাধীন ১ নং ৱাৰ্ডৰ ৰূপনগৰৰ অন্তৰ্গত ধনশিৰি নৈৰ কাষৰীয়া অঞ্চলত পৌৰসভাই সমগ্ৰ নগৰৰ আৱৰ্জনা পেলাই অহাৰ লগতে এই আৱৰ্জনা সমূহত অগ্নি সংযোগ কৰি দিয়া ফলত উঠি অহা ধোঁৱাৰ বাবে সমগ্ৰ বায়ু মণ্ডল প্ৰদূষিত হোৱাৰ ফলত দুৰাৰোগ্য ৰোগে গ্ৰাস কৰি আহিছে স্থানীয় লোকক। এই বায়ু প্ৰদূষণৰ বাবে যোৱা কেইবাদিন ধৰি দাঁতিকাষৰীয়া ৰাজপথত অকালে ধোঁৱা-দুৰ্গন্ধই আৱৰি ধৰিছে।এই সন্দৰ্ভত উক্ত ডাম্পিং গ্ৰাউণ্ডটো সেই অঞ্চলৰ পৰা স্থানান্তৰ কৰিবলৈ যোৱা তিন দিন ধৰি অৱস্থান ধৰ্মঘট ৰূপায়ন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে। এই সম্পৰ্কে বুজ লবলৈ বুধবাৰে গোলাঘাটত উপস্থিত হ’ল কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ। স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে এই দিশত চৰকাৰৰ গফিলাতিক কঠোৰ ভাষাৰে সমালোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে ।আনহাতে, এই অঞ্চলৰ পৰা ডম্পিং গ্ৰাউণ্ড আঁতৰাই অন্য ঠাইত হস্তান্তৰ কৰা আৰু শীঘ্ৰেই এই জটিল সমস্যাৰ সমাধানৰ ক্ষেত্ৰত পদক্ষেপ লবলৈ স্থানীয় ৰাইজে আহ্বান জনায় সাংসদ গৌৰৱ গগৈক। অন্যহাতে প্ৰতিবাদস্থলীৰ পৰা গৈ শিখ ধৰ্মগুৰু গুৰু গৌবিন্দ সিংৰ জন্মজয়ন্তী উপলক্ষে গোলাঘাটৰ বেঙেনাখোৱাস্থিত গুৰুদোৱাৰত সেৱা-আশীষ লয় সাংসদজনে ৷