শিক্ষিত নিৱনুৱালৈ ৰাজ্য চৰকাৰৰ ৫০ হাজাৰকৈ টকা। আমিনগাৱঁত আঁচনিৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

ডিজিটেল ডেস্কঃ থলুৱা উদ্যোগ আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে অসম চৰকাৰৰ ‘নৱৰূপত স্বয়ম’ স্বামী বিবাকেনন্দ সবলীকৰণ যোজনা বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনাৱালে আমিনগাৱঁত শুভ উদ্ধোধন কৰে। এই শুভ উদ্ধোধনী অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য , মন্ত্ৰী ভৱেশ কলিতা আৰু বিধায়ক অতুল বৰাসহ বিত্ত বিভাগৰ কেইবাজনো উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।

উল্লেখযোগ্য যে ২১, ২২, ২৩ আৰু ২৭ জানুৱাৰীত জিলা সমূহত প্ৰদান কৰা হব অনুমোদন পত্ৰ। আৱেদন পত্ৰ গৃহিত হোৱা হিতাধিকাৰীসকলে লাভ কৰিব ৫০ পঞ্চাছ হাজাৰকৈ টকা। অসম চৰকাৰৰ বিত্ত বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে। মাজুলীত অনুমোদন পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে।

২২ জানুৱাৰীত গোলাঘাটত আৰু ২৭ জানুৱাৰীত শিৱসাগৰত বিতৰণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২২ জানুৱাৰীত বৰপেটা, ২৭ জানুৱাৰীত নলবাৰীত অনুমোদন পত্ৰ বিতৰণ কৰিব মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। ২১ জানুৱাৰীত চৰাইদেউত বিতৰণ কৰিব মন্ত্ৰী যোগেন মোহনে। ২২ জানুৱাৰীত কৰিমগঞ্জ আৰু ২৩ জানুৱাৰীত হাইলাকান্দিত বিতৰণ কৰিব মন্ত্ৰী পৰিমল শুক্লবদ্যই।

Comments (0)
Add Comment