সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন ।
ডিজিটেল ডেস্ক:-সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন। ধনশিৰি মহকুমাৰ সৰুপথাৰৰ উচ্চ শিক্ষানুষ্ঠান সৰুপথাৰ মহাবিদ্যালয় ২০২১ -২০২২বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ আজি সুকলমে অনুষ্ঠিত হয় । এই সাধাৰণ নিৰ্বাচনত উৎপল শইকীয়া সভাপতি, যতীন গগৈ উপ সভাপতি, শিৱাশীষ শৰ্মা সাধাৰণ সম্পাদক ,নাজিম আহমেদ সহ: সম্পাদক, ক্ৰীড়া সম্পাদক হিচাপে যোগেন্দ্ৰ খাকলাৰী ,তৰ্ক বিভাগৰ সম্পাদক হিচাপে লক্ষীমণি গগৈ, আলোচনী বিভাগৰ সম্পাদক হিচাপে ৰেখামায়া নেৱাৰ, সাংস্কৃতিক বিভাগৰ সম্পাদক হিচাপে নকুল স্বৰ্গীয়াৰী ,সমাজ সেৱা বিভাগৰ সম্পাদক হিচাপে সীমান্ত গগৈ, ছাত্ৰী জীৰণি কোঠাৰ সম্পাদিকা হিচাপে চুজিতা গুৰুং য়ে জয়লাভ কৰে ।ইফালে আজি ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিজয়ী ছাত্ৰ ছাত্ৰী সকলক মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ সিদ্ধেশ্বৰ বৰা,নিৰ্বাচনী বিষয়া অঞ্জন গোস্বামী ,সহ: নিৰ্বাচনী বিষয়া পৰাগ ভূঞা ,শিক্ষক গোটৰ সভাপতি ডঃ প্ৰণৱ ঢেকিয়াল ফুকনে ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ লগতে মহাবিদ্যালয় খনৰ উন্নতিৰ কাৰণে আত্মনিয়োগ কৰিবলৈ সকলোকে আহ্বান জনায় ।