তিনিচুকীয়াৰ ডুমডুমাত বাধাগ্ৰস্ততা প্ৰমাণিকৰণ শিবিৰ

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমা নাট্য মন্দিৰ প্ৰেক্ষাগৃহত তিনিচুকীয়াৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত স্নেহালয় আৰু পুৱালী প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সহযোগত বাধাগ্রস্ততা প্ৰমাণীকৰণ শিবিৰ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়।
উল্লেখ্য যে, ডুমডুমাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ১৩০ গৰাকী বিশেষভাৱে সক্ষম লোকক এই শিবিৰৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। উক্ত অনুষ্ঠানটোত বাধাগ্রস্তসকলক স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে উপস্থিত থাকে ডা০ পি.জে. দত্ত, ডা০ এ. আহমেদ, ডা০ এ. দেউৰী, ডা০ এ. কুমাৰ আৰু ডা০ এম সিং।
স্বাস্থ্য পৰীক্ষাৰ পিছতে মুঠ ১১০ গৰাকী দিব্যাংগক বাধাগ্রস্ততাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।

Comments (0)
Add Comment