মাজুলীত দেউৰী জনগোষ্ঠীৰ মাঘ বিহু পালন।

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে মাজুলীত অসমৰ অন্যতম ভূমিপূত্ৰ দেউৰী জনগোষ্ঠীয় লোকসকলে আনুষ্ঠানিকভাৱে পালন কৰিছে দেউৰী মাঘ বিহু ৷
উল্লেখ্য যে,দেউৰীসকলৰ পৰম্পৰা অনুসৰি মাঘ মাহৰ প্ৰথমটো বৃহস্পতিবাৰে পালন কৰে দেউৰী মাঘ বিহু ৷দেউৰী জনগোষ্ঠীৰ লোক সকল একত্রিত হৈ আয়োজন কৰা অনুষ্ঠানটোত ৰছী টনা , টেকেলী ভঙা , কাবাডী আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে।দেউৰী সমাজৰ মাজত দেউৰীসকলৰ পৰম্পৰাগত বিহু নৃত্য প্ৰদৰ্শন কৰি এক উখল- মাখল পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে অনুষ্ঠানটোত।

Comments (0)
Add Comment