ডিজিটেল ডেস্ক:-হাতত মৰণাস্ত্ৰ লৈ মৰিয়নি আৰক্ষী থানাৰ সন্মুখতে দুৰ্বৃত্তৰ সন্ত্ৰাস।গণতন্ত্ৰ দিৱসৰ প্ৰাকমূৰ্হতত বুধবাৰে নিশা ৰায়বাহাদুৰ চুন্নীলাল এণ্ড এজেন্সি নামৰ পেট্ৰল পাম্পটোত উদ্যত মাৰণাস্ত্ৰ লৈ এটা দুৰ্বৃত্তৰ দলে সন্ত্ৰাস চলোৱাৰ পিছতে অঞ্চল টোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে এখন কলা ৰঙৰ ফৰ্ড ইক’ স্পৰ্টচত অহা চাৰি জনীয়া দুৰ্বৃৃত্ততৰ দলটোৱে তেল ডিপুটোৰ কৰ্মচাৰী ৰাজকুমাৰ মণ্ডলক মাৰপিট কৰাৰ লগতে পিস্তল দেখুৱাই প্ৰাণে মৰাৰ ভাবুকি দিয়ে।ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰা দুবৃত্তৰ দলটোৱে তেল ডিপুটোত মাজ নিশা ডকাইতি কাণ্ড সংঘটিত কৰাৰ উদ্দেশ্যে আহিছিল বুলি সন্দেহ কৰা হৈছে।ঘটনা সন্দৰ্ভত তেল ডিপুটোৰ কৰ্তৃপক্ষই মৰিয়নী আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানেও সন্ধান পোৱা নাই দুৰ্বৃত্ত কেইটাৰ।