ডিজিটেল ডেস্ক:-পৰিৱেশ সজাগতাৰ প্ৰচাৰৰ উদ্দেশ্যে কলকাতা ৰ পৰা কাজিৰঙালৈ চাইকেল যাত্ৰা । অসমৰ গড়ঁ বন্ধু নামে খ্যাত শিশু সুহান মল্লিকৰ আহ্বানত The global green force নামৰ সংস্থাটোৰ উদ্যোগত যোৱা ২৮ ডিচেম্বৰত পুৰুষ মহিলা সহ ৬জন লোকে যাত্ৰা আৰম্ভ কৰি ২১ জানুৱাৰীত উপস্থিত হয়হি কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত । ২৫ দিনীয়া চাইকেল যাত্ৰাৰে ১৫০০ কি: মি: অতিক্ৰম কৰি গড়ঁ,হাতীৰ উপৰিও বন্য জীৱ-জন্তুৰ সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন ঠাইত সজাগতাৰ সৃষ্টি কৰা দলটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধি বাৰী বন শিবিৰত উপস্থিত হৈ বন কৰ্মীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে সম্বৰ্ধনা জ্ঞাপন কৰে ।দলটোৱে বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত বন কৰ্মীসকলে নিষ্ঠাৰে পালন কৰা কৰ্তব্যক বাৰুকৈ প্ৰশংসা কৰে ।