ডিজিটেল ডেস্কঃ- স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা তথা আজাদ হিন্দ ফৌজৰ জন্মদাতা নেতাজী সুভাষ চন্দ্র বসুৰ আজি ১২৫ সংখ্যক জন্মদিন। দেশৰ প্ৰান্তে প্ৰান্তে স্বাধীনতা আন্দোলনৰ নেতা গৰাকীৰ জন্মদিন উলহ মালহেৰে পালন কৰিছে। গোলাঘাট জিলাৰ সৰুপথাৰতো নেতাজী যুৱক সংঘৰ উদ্যোগত আজি সংঘৰ বিষয়ববীয়া তথা সদস্যসকলে ৰাইজৰ সহযোগত সুভাষ চন্দ্র বসুৰ জন্ম দিৱস পালন কৰে। সৰুপথাৰ নগৰৰ মাজমজীয়াৰ থানা ৰোডৰ সমীপত আয়োজন কৰা এই অনুষ্ঠানত পুৱাৰ ভাগত নেতাজীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্য অৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰে নেতাজী যুৱক সংঘৰ উপ-সভাপতি দুলাল পাল আৰু সম্পাদক দীপ কুমাৰ দে’ই। ইয়াৰ পিছতে সংঘৰ সদস্যসকলৰ লগতে উপস্থিত ৰাইজে স্বাধীনতা আন্দোলনৰ নেতাগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰে। আনহাতে উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে সন্ধিয়ালৈ সৰুপথাৰ নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সন্মুখত এগছিকৈ বন্তি প্ৰজ্বলনৰ কাৰ্য্যসূচী হাতত লৈছে ।