Daily Time Axom

সৰুপথাৰত গোলাঘাট জিলা পেনচাক ছিলাট সমিতিৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান

0 6

ডিজিটেল ডেস্কঃ-শনিবাৰে গোলাঘাট জিলা পেনচাক ছিলাট সমিতিৰ উদ্যোগত সৰুপথাৰৰ সাধনী ভৱনত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয় । ৰাজ্যিক ভিত্তিত যোৱা ৮ , ৯ আৰু ১০ জানুৱাৰীত ধনশিৰি মহকুমাৰ সৰুপথাৰৰ মধ্যমপুৰত অনুষ্ঠিত পেনচাক ছিলাট প্ৰতিযোগিতাত ৰাজ্য খনৰ বিভিন্ন জিলাৰ বহু সংখ্যক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । ইয়াৰে এই প্ৰতিযোগিতাত গোলাঘাট জিলাৰ ৮৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । প্ৰতিযোগিতাত গোলাঘাট জিলাৰ ২৪গৰাকী খেলুৱৈয়ে সোণৰ পদক ,১৭গৰাকীয়ে ৰূপৰ পদক আৰু ১৪গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । জিলা খনৰ এই খেলুৱৈ সকলৰ সফলতাত আপ্লুত হৈ ধনশিৰি মহকুমাৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে শইকীয়া পৰিয়ালৰ উদ্যোগত পদক বিজয়ী খেলুৱৈ সকলক সম্বৰ্ধনা জ্ঞাপন কৰে ।। গোলাঘাট জিলা পেনচাক ছিলাট সমিতিৰ সম্পাদক গগণ চন্দ্ৰ বড়োয়ে আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্বত কৰে ধনশিৰি মহকুমাৰ বিশিষ্ট শিক্ষাবিদ তথা ক্ৰিয়া সংগঠক সিদ্ধেশ্বৰ শইকীয়াই । উক্ত সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিবাকৰ নাথৰ লগতে ভালেকেইজন বিশিষ্ট ব্যক্তি । অনুষ্ঠানটোত উপস্থিত থাকি মহকুমাধিপতি দিবাকৰ নাথে পদক বিজয়ী খেলুৱৈ সকলক ভৱিষ্যত দিনত একাগ্ৰতাৰে আগবাঢ়ি মহকুমাটোলৈ সুনাম কঢ়িয়াই আনিবলৈ আহ্বান জনায় ।।

Leave A Reply

Your email address will not be published.