ডুমডুমাৰ বৰহাপজান ক্ৰীড়া সন্থাৰ সৌজন্যত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা ।
ডিজিটেল ডেস্কঃ ডুমডুমাৰ বৰহাপজান কালিমন্দিৰ খেলপথাৰত বৰহাপজান ক্ৰীড়া সন্থাৰ সৌজন্যত দিবা – নৈশ প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
উল্লেখ্য যে, বিগত কেইবাবছৰৰ পৰা আয়োজন কৰি অহা এই প্ৰতিযোগিতাখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অতিকৈ জনপ্ৰিয় হৈ পৰাত অৰ্ধশতাধিক দলে ইতিমধ্যে প্ৰতিযোগিতাখনত যোগদান কৰিছে। প্ৰতিযোগিতাখনত কেইবাটাও বিশেষ পুৰস্কাৰৰ লগতে বিজয়ী দলক ৩৫ হাজাৰ আৰু ৰানাৰ্চআপ দলক ১৫ হাজাৰ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰিব। ক্ৰীড়া প্ৰেমীৰ বিপুল সমাদৰ লাভ কৰা দিবা- নৈশ ক্রিকেট প্ৰতিযোগিতাখন ডুমডুমা থানাৰ পৰিদৰ্শক মনিমোহন কোচে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।