কাজিৰঙাত ৩২ সংখ্যক পথ সুৰক্ষা মাহ পালন

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৩২ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালন কৰা পৰিলক্ষিত হৈছে। তাৰ লগত সংগতি ৰাখি কাজিৰঙাতো পালন কৰা হৈছে ৩২ সংখ্যক পথ সুৰক্ষা মাহ। কাজিৰঙাত ২০ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত তৃতীয় দিনাৰ কাৰ্যসূচীত সন্মিলিত মটৰ পৰিবহণ সন্থা গোলাঘাট আৰু এভাৰগ্ৰীণ ৱেলফেয়াৰ চ’চাইটিৰ সৌজন্যত কাজিৰঙাৰ জীপ চাফাৰীৰ চালক সকলৰ লগত পথ সুৰক্ষাৰ সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত কৰে।যান বাহন চলাচলৰ নীতি নিৰ্দেশনা তথা সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবেই গোলাঘাট জিলা পৰিবহন বিভাগে এই সভা অনুষ্ঠিত কৰে। গোলাঘাট জিলা পৰিবহন বিভাগৰ বিষয়ববীয়া সকলে এই সভাত যান-বাহন চলাচলৰ নীতি-নিয়ম সমুহ সম্পূৰ্ণ কৈ মানি চলি সুৰক্ষিত হৈ থাকিবলৈ সকলোকে আহ্বান জনায়।

Comments (0)
Add Comment