Daily Time Axom

তিতাবৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

0 13

ডিজিটেল ডেস্কঃ-সোমবাৰে সমগ্র দেশৰ লগতে তিতাবৰতো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়।তিতাবৰ জিলা নিৰ্বাচনী বিভাগৰ উদ্যোগত তিতাবৰ মহকুমাধিপতি কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস।সোমবাৰে অনুষ্ঠিত ভোটাৰ দিৱসত বহুকেইজন নতুন ভোটাৰক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলক পুৰষ্কাৰ প্ৰদান কৰা হয়।তিতাবৰ মহকুমাৰ অন্তৰ্গত তিতাবৰ আৰু মৰিয়নী বিধান সভা সমষ্টিৰ প্ৰতিটো ভোট কেন্দ্ৰত ভোটাৰ দিৱস পালন কৰা হয় বুলি জানিবলৈ দিয়ে তিতাবৰৰ মহকুমাধিপতি খনিন্দ্ৰ দাসে।

Leave A Reply

Your email address will not be published.