ডিজিটেল ডেস্কঃ ২৭ জানুৱাৰীৰ পৰা ৰাজ্যত ধাৰাবাহিক চকা বন্ধৰ ঘোষণা কৰিছে মটৰ পৰিবহণ- শ্রমিক সংগঠনে।মটৰ পৰিবহণ- শ্ৰমিক কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ প্ৰতিবাদত ৰাজ্যত ২৭ জানুৱাৰীত ২৪ ঘন্টীয়া , ১২ আৰু ১৩ ফেব্ৰুৱাৰীত ৪৮ ঘন্টাৰ চকা বন্ধৰ লগতে পুনৰ ২৫,২৬ আৰু ২৭ ফেব্ৰুৱাৰীত ৭২ ঘন্টীয়া চকা বন্ধৰ আহ্বান জনাইছে মটৰ পৰিবহণ-শ্ৰমিক সংগঠনে ।
উল্লেখ্য যে, এই ৬ দিনীয়া ধাৰাবাহিক চকা বন্ধত ৰাজপথত চিটি বাছ, ট্ৰাক, যাত্ৰীবাহী বাছ,ট্ৰেকাৰ,টেক্সি, কেব,ই-ৰিক্সাসহ লঘু আৰু গধুৰ যানবাহন আদি নচলিব। ইতিমধ্যে উক্ত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণৰ কথা সদৰি কৰিছে মটৰ পৰিবহণ-শ্ৰমিক সংস্থাৰ যৌথ মঞ্চই । লকডাউনৰ সময়ত ক্ষতিগ্রস্ত হোৱা মটৰ শ্ৰমিক তথা মালিকক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰা, চৰকাৰৰ নিৰ্দেশত বন্ধ হৈ থকা যান-বাহনৰ সকলো কৰ ৰেহাই দিয়া, টোল গেট বন্ধ কৰা, বহিঃৰাজ্যলৈ যোৱা বাহনৰ ক্ষেত্রত বাধা আঁতৰ কৰা আদি কেইবাটাও দাবীত এই চকা বন্ধৰ আহ্বান সংগঠনটোৰ।