এদিনৰ বাবে মুখ্যমন্ত্ৰী হ’ল ২০ বছৰীয়া যুৱতী
ডিজিটেল ডেস্ক: চিনেমাৰ দৰে ঘটনা ঘটিল বাস্তৱ জীৱনত।এদিনৰ বাবে মুখ্য মন্ত্ৰী হ’ল এগৰাকী ২০ বছৰীয়া যুৱতী। ভাৰতৰ মহিলা শক্তিক আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে প্ৰতি বছৰে ২৪ জানুৱাৰী দিনটোক ‘ৰাষ্ট্ৰীয় কন্যা সন্তান’ দিৱস হিচাপে পালন কৰি আহিছে।’ৰাষ্ট্ৰীয় কন্যা সন্তান’ দিৱসৰ দিনাই উত্তৰাখণ্ডৰ সৃষ্টি গোস্বামীয়ে এদিনৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিলে।হৰিদ্বাৰ জিলাৰ দৌলতপুৰ গাঁৱৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ কন্যা সৃষ্টি গোস্বামী।২০১৮ চনত উত্তৰাখণ্ডৰ বিধানসভাত বাল্য বিধায়ক হিচাপে বাছনি হোৱা সৃষ্টিয়ে এদিনৰ বাবে মুখ্য মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথম অৱস্থাতেই আৰক্ষীৰ সৈতে বৈঠকত মিলিত হয়।এদিনৰ মুখ্য মন্ত্ৰী গৰাকীয়ে শিশু অপৰাধ নি:শেষ কৰাৰ বাবে আহ্বান জনাই আৰক্ষী বাহিনীক,ইয়াৰ লগতে মহিলা সুৰক্ষাৰ কথা উত্থাপন কৰি ঘৰুৱা হিংসা ৰোধ কৰিবলৈও আহ্বান জনাই।ইয়াৰ পিছতে দুপৰীয়া ১২ বজাত ‘শিশু বিধানসভা’ বৈঠকত মিলিত হৈ বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে প্ৰতি ৩ বছৰৰ মুৰে মুৰে ‘ৰাষ্ট্ৰীয় কন্যা সন্তান’ দিৱস উপলক্ষে উত্তৰাখণ্ডত ‘শিশু বিধানসভা’ অনুষ্ঠিত হয় আৰু এগৰাকী কন্যা সন্তানক এদিনৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হয়।২৪ জানুৱাৰীৰ দিনা উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটে সৃষ্টি গোস্বামীক এদিনৰ বাবে মুখ্যমন্ত্ৰীৰ আসনখন এৰি দিয়ে।