Daily Time Axom

হৃদৰোগত আক্রান্ত হৈ মৃত্যুক আকোঁৱালি ল’লে দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা আৰতি হাজৰিকা কছাৰীয়ে।

0 5

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱতি নিশা নিয়তিৰ ওচৰত হাৰ মানিলে দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা আৰতি হাজৰিকা কছাৰীয়ে।
উল্লেখ্য যে ,দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা জ্যেষ্ঠ কংগ্ৰেছী নেত্রী আৰতি হাজৰিকা কছাৰী হঠাৎ হৃদৰোগত আক্রান্ত হৈ পুৱতি নিশা ২ বাজি ১৫ মিনিটত মৃত্যুক আকোঁৱালি লয়।প্ৰাক্তন বিধায়িকাগৰাকী পুৱতি নিশা হঠাৎ অসুস্থ হৈ পৰাত দেৰগাঁও ত্ৰিশখন বিচনাযুক্ত চৰকাৰী চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে মৃত বুলি ঘোষণা কৰে চিকিৎসকে।
জানিব পৰা মতে, ২০১১ চনৰ পৰা ২০১৬ চনলৈকে দেৰগাঁও সমষ্টিৰ বিধায়িকাৰ আসন অলংকৃত কৰা আৰতি হাজৰিকা কছাৰী এসময়ত অসম চৰকাৰৰ সংসদীয় সচিবৰ লগতে বৰ্তমান অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সম্পাদিকাৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱাৰ উপৰিও দেৰগাঁও নগৰ সমিতিৰ সভানেত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
প্ৰাক্তন বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ মৃত্যুত সমগ্ৰ দেৰগাঁৱতে এতিয়া শোকৰ ছাঁ পৰাৰ লগতে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান তথা সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ।

Leave A Reply

Your email address will not be published.