Daily Time Axom

কৃষি আইনৰ বিৰুদ্ধে অব্যাহত কৃষকৰ প্ৰতিবাদ

0 5

ডিজিটেল ডেস্ক: কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ আন্দোলন বৰ্তমানেও অব্যাহত আছে।নিজ সিদ্ধান্তত অলৰ অচৰ হৈ থকা প্ৰতিবাদী কৃষকসকলে গণৰাজ্য দিৱসৰ দিনা দিল্লীত ট্ৰেক্টৰ ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল।ইফালে দিল্লী আৰক্ষীয়ে গণতন্ত্ৰ দিৱসৰ চৰকাৰী কাৰ্য্যসুচী সম্পন্ন হোৱাৰ পিছতহে কৃষক সকলক ট্ৰেক্টৰ ৰেলী উলিওৱাৰ অনুমতি প্ৰদান কৰিছিল। কিন্তু প্ৰতিবাদকাৰী সকলে দিল্লী আৰক্ষীৰ সেই নিৰ্দেশ অমান্য কৰি আৰক্ষীৰ কেইবাখনো বেৰীকেট উফৰাই ট্ৰেক্টৰ লৈ লালকিল্লাত প্ৰবেশ কৰি নিজ পতাকা উত্তোলন কৰাৰ পিছতেই এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয়।ইয়াৰ পিছতেই বিদ্ৰোহী কৃষকসকলক বাধা দিয়াৰ বাবে আৰক্ষীয়ে লাঠী চাৰ্জ কৰাৰ লগতে কন্দোৱা গেছ নিক্ষেপ কৰে।আৰক্ষী আৰু প্ৰতিবাদকাৰী সকলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত দুয়োপক্ষৰ বহু কেইজন লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই আন্দোলনে তীব্ৰ ৰূপত ধাৰণ কৰাৰ পিছতেই চৰকাৰে বিভিন্ন ঠাইত ইন্টাৰনেট সেৱা কৰ্তন কৰি প্ৰতিবাদত বাধা দিয়া পৰিলক্ষিত হৈছে।ট্ৰেক্টৰ ৰেলীত হোৱা এই হিংসাত্মক কাৰ্যকলাপৰ বাবে দিল্লী আৰক্ষীয়ে বুধবাৰে পুৱাই প্ৰতিবাদী কৃষকৰ বিৰুদ্ধে ১৫ টাকৈ গোচৰ ৰুজু কৰে।ইফালে এই সম্পৰ্কে প্ৰতিবাদী কৃষকে ইয়াত অসামাজিক শক্তি জড়িত হৈ আছে বুলি মন্তব্য কৰিছে।ইয়াৰ লগতে এই ক্ষেত্ৰত দিল্লী আৰক্ষীৰ কিছু কামৰ বাবেও অসামাজিক শক্তিয়ে কৃষকৰ ৰেলীত যোগদান কৰি হিংসাত্মক কাৰ্য সংঘটিত কৰিলে বুলি ভাৰতীয় কৃষক ইউনিয়নৰ নেটা নিতেশ টিকাইটে মন্তব্য প্ৰকাশ কৰে।ইয়াৰ সমান্তৰালকৈ শেহতীয়াকৈ দ্বীপ সিন্ধু নামৰ এজন অভিনেতা জড়িত হৈ থকাৰ কথা পোহৰলৈ আহিছে। এই ঘটনাৰ পিছতেই ৪০ টা কৈ কৃষক সংগঠন মিলিত হৈ বুধবাৰে এক বৈঠকত মিলিত হোৱা পৰিলক্ষিত হৈছে ইফালে কৃষকৰ এই বৈঠকত হোৱা আলোচনাৰ অন্ততহে পৰৱৰ্তী পৰ্যায়ত কি কি কাৰ্যসূচী গ্ৰহণ কৰিব তাক প্ৰতিবাদী কৃষকসকলে অৱগত কৰিব।

Leave A Reply

Your email address will not be published.