ভাৰতে পুনৰ ফ্ৰান্সৰ পৰা লাভ কৰিলে ৩ৰাফেল ।

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ুসেনাৰ শক্তি বৃদ্ধি কৰিবলৈ পুনৰ ৩ খন ৰাফেল বিমানে বুধবাৰে বিয়লি ৫.৩৮বজাত আম্বালাৰ বিমান ঘাটিত অৱতৰণ কৰেহি।এই বিমান ৩খনে সুদুৰ ফ্ৰান্সৰ পৰা ৮০০০ কি:মি আকাশী পথ অতিক্ৰম কৰি মাজতে আৰব দেশৰ মাজ আকাশতে ইন্ধন ভৰাই আম্বালাত অৱতৰণ কৰেহি। উল্লেখ্য যে ২০২০চনৰ ২৯ নৱেম্বৰত ৰাফেলৰ প্ৰথম কিস্তিত ৫খন বিমান লাভ কৰিছিল। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য মতে ফ্ৰান্সৰ লগত হোৱা চুক্তি মতে ভাৰতে ফ্ৰান্সৰ পৰা ৩৬ খন শক্তিশালী ৰাফেল লাভ কৰিব। বৰ্তমান এই ৩ খন নতুন ৰাফেলে ১৭ গল্ডেন এৰ স্কোৱাড্ৰনত যোগ দিয়াত ভাৰতীয় বিমান বাহিনীত ৰাফেলৰ সংখ্যা ১১ খন লৈ বৃদ্ধি পালে।

Comments (0)
Add Comment