লাল কিল্লাৰ হিংসাত্মক কাৰ্যক গৰিহণা দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ ক’বিন্দৰ
ডিজিটেল ডেস্ক: গণৰাজ্য দিৱসৰ দিনা কৃষি আইনৰ বিৰোধিতা কৰি প্ৰতিবাদী কৃষকসকলে দিল্লীৰ লাল কিল্লাত ট্ৰেক্টৰ ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল।দিল্লী আৰক্ষীৰ কেইবাখনো বেৰীকেট উফৰাই ট্ৰেক্টৰ আগবঢ়াই নি প্ৰতিবাদী কৃষক সকলে তেওঁলোকৰ পতাকা উত্তোলন কৰাৰ পিছতে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল য’ত আৰক্ষী আৰু প্ৰতিবাদকাৰী সকলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত দুয়োপক্ষৰ বহু কেইজন লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। বুধবাৰে পুৱাই দিল্লী আৰক্ষীয়ে প্ৰতিবাদী কৃষকসকলৰ ওপৰত ১৫ টাকৈ গোচৰ ৰুজু কৰিছিল।উক্ত ঘটনাৰ পিছতে শুকুৰবাৰৰ দিনটোত ৰাষ্ট্ৰপতি ৰাম নাথ ক’বিন্দে সংসদত দিয়া এক ভাষণ প্ৰসংগত লাল কিল্লাত সংঘটিত হিংসাত্মক কাৰ্যৰ কথা উত্থাপন কৰা পৰিলক্ষিত হয়। তেওঁ কয় যে গণৰাজ্য দিৱসৰ দৰে পবিত্ৰ দিনটোত দেশৰ ৰাজধানীত এনে কাৰ্য সংঘটিত হোৱাটো অতি দুৰ্ভাগ্যজনক কথা। সংবিধানে আমাক জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰে আৰু সেইখন সংবিধানেই আমাক আইন কানুন আৰু নিয়ম নীতি সমুহ সুন্দৰকৈ মানি চলিবলৈ শিকায়। গতিকে এনে এটা পবিত্ৰ দিনত হিংসাত্মক কাৰ্য সংঘটিত হোৱাটো অতি নিন্দনীয় বুলি মন্তব্য কৰে দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে।