সীমান্তৰ উৰিয়ামঘাটত সন্মিলিত বড়ো গণ মঞ্চৰ অধিবেশন

ডিজিটেল ডেস্কঃ সন্মিলিত বড়ো গণ মঞ্চ (UBPO)ৰ সপ্তম সংখ্যক বাৰ্ষিক অধিবেশন এইবাৰ ধনশিৰী মহকুমাবাসী ৰাইজৰ পূৰ্ণ সহযোগত অহা ৫ ,৬ আৰু ৭ ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট মিথিংগা নগৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব।ইতিমধ্যে গঠিত শক্তিশালী মূল অভ্যৰ্থনা সমিতিৰ লগতে বিভিন্ন বিভাগৰ উপসমিতি সমূহে অধিবেশনৰ যাবতীয় প্ৰস্তুতি পূর্ণ গতিত চলোৱা পৰিলক্ষিত হৈছে। অধিবেশনত বি টি চিৰ বাহিৰত বসবাস কৰা ২১ খন জিলাৰ বাহিৰেও মেঘালয়,নাগালেণ্ড, অৰুণাচল, ত্ৰিপুৰা, পশ্চিমবঙ্গ ,নেপাল, বাংলাদেশ আদি কেবাখনো ৰাজ্য আৰু ৰাষ্ট্ৰৰ পৰা বহু হেজাৰ বড়ো প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব।বড়ো জনগোষ্ঠীৰ এই বৃহৎ অনুষ্ঠানটোত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংসদ, মন্ত্ৰী, বিধায়ক, বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দ আৰু ৰাজ্যখনৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব।সন্মিলিত বড়ো গণ মঞ্চৰ নেতৃবৃন্দৰ পৰা জানিব পৰা মতে এই অধিবেশনতে অসম চৰকাৰে গঠন কৰিবলৈ লোৱা বহু উপেক্ষিত বড়ো কছাৰী ৱেলফেয়াৰ এটনমাছ কাউন্সিল আৰু বড়ো কছাৰী সকলৰ আৰ্থ সামাজিক ,শিক্ষা, সাংস্কৃতিক ,আদি বিভিন্ন সমস্যাৰ ওপৰত বিস্তৃত আলোচনা কৰি ইয়াৰ আশু সমাধানৰ দিশ নিৰ্ণয় কৰিব। ইউ বি পি অৰ এই বৃহৎ অনুষ্ঠানটোৰ কেউটা দিনৰ সকলো কাৰ্যসূচী সফল উদযাপনত সকলো শ্ৰেণী ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি অভ্যৰ্থনা সমিতিয়ে কামনা কৰিছে।

Comments (0)
Add Comment