গোলাঘাট জিলাৰ সৰুপথাৰৰ বৃহত্তৰ ৰজাপুখুৰী অঞ্চলৰ অংচা জিলদৈ শ্যাম হাইস্কুলে ৪২ বছৰ সম্পূর্ণ কৰিলে।
ডিজিটেল ডেস্কঃ গোলাঘাট জিলাৰ সৰুপথাৰৰ ৰজাপুখুৰীত অঞ্চলটোৰ ১৩খনতকৈও অধিক গাঁৱৰ সমাজ সচেতন ৰাইজ একত্রিত হৈ ১৯৭৯ চনত অংচা জিলদৈ শ্যাম নামেৰে এখন হাইস্কুল প্ৰতিষ্ঠা কৰিছিল। বৰ্তমান বৃহত্তৰ ৰজাপুখুৰী অঞ্চলৰ এই হাইস্কুলখনে ৪২ বছৰত ভৰি দিলে। এই সুদীর্ঘ সময়ছোৱাত বিদ্যালয়খনৰ বহু সংখ্যক ছাত্র-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি বিভিন্ন ক্ষেত্রত নিজকে নিয়োজিত কৰি ৰাখিছে। বিদ্যালয়খনৰ সুদীর্ঘ বছৰীয়া স্মৃতিবোৰ সুঁৱৰি অতিত ৰোমন্থন কৰাৰ উদ্দেশ্যেৰে অহা ৬ আৰু ৭ মাৰ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদ্যালয়খনৰ প্ৰাংগনত এক প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰদীপ গগৈক সভাপতি, দীপক শৰ্মাক কাৰ্যকৰী সভাপতি আৰু বিকাশ বৰাক সম্পাদক হিচাপে লৈ ইতিমধ্যে গঠিত উদযাপন সমিতিখনে সমাৰোহৰ যাবতীয় প্ৰস্তুতি পূৰ্ণ গতিত চলোৱা পৰিলক্ষিত হৈছে। বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা সমাৰোহৰ কাৰ্যসূচীত প্ৰতিদিন টাইমৰ মূখ্য সম্পাদক নিতুমণি শইকীয়া, জনপ্ৰিয় কন্ঠ শিল্পী খগেন গগৈ, ৰাজীৱ শদিয়া সহ ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব। সমাৰোহখনি সফল উদযাপনত সকলো শ্ৰেণী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি উদযাপন সমিতিয়ে একান্তই কামনা কৰিছে।