সৰুপথাৰত কেন্দ্রীয় মে-ডাম-মে-ফী উদযাপন

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ সৰুপথাৰতো আজি টাই আহোমসকলৰ উপৰি পুৰুষক উপাসনা কৰা পৰম্পৰাগত পৱিত্ৰ উৎসৱ মে-ডাম-মে-ফী উলহ মালহেৰে পালন কৰা হয়। ধনশিৰি টাই সংস্কৃতি বিকাশ কেন্দ্ৰ আৰু ধনশিৰি মহকুমা টাই আহোম ছাত্র সন্থাৰ উদ্যোগত সৰুপথাৰ নাহৰণিস্থিত টাই সংস্কৃতি বিকাশ কেন্দ্রত উদযাপন কৰা মে-ডাম-মে-ফীৰ অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে টাই সংস্কৃতি বিকাশ কেন্দ্ৰৰ সভাপতি ৰত্ন গগৈ আৰু টাই আহোম ছাত্র সন্থাৰ সভাপতি অনন্ত গগৈয়ে ,সমাজকৰ্মী বিপিনচন্দ্র গোহাঁইয়ে মৈদাম তৰ্পণ কৰাৰ পিছতে শিৱসাগৰ পাট সাকোঁৰ মহন দেওধাই বাইলুঙ পণ্ডিত পৰিষদৰ বিষয়ববীয়াসকলৰ দ্বাৰা মাংগলিক কাৰ্য্য শুভাৰম্ভ কৰা হয়। বিয়লি অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে ৰত্ন গগৈয়ে। উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি মন্টু গোহাঁইয়ে আঁত ধৰা অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে অধ্যাপক প্ৰশান্ত বৰাই। অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ’জলীনা তিৰ্কী ,অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক ৰাজু ফুকন, যোৰহাট জিলা পৰিবহণ বিষয়া দীপাঞ্জলি বৰা সহ ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
এই অনুষ্ঠানতেই শিৱসাগৰৰ মেটেকা টাই কৃষ্টি দলৰ দ্বাৰা
চাৰা-লাই-লুং-খাম, ৰাক-চাং-মাই নৃত্য প্ৰদৰ্শন কৰা হয়। ইয়াৰ পিছতে প্ৰীতি ভোজৰ আয়োজন কৰা হয়।

Comments (0)
Add Comment