Daily Time Axom

সীমান্তৰ ধূপগুৰিত ৰাভা জাতীয় অভিবৰ্তনৰ সফল সামৰণি

0 11

ডিজিটেল ডেস্কঃ-ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ ধুপগুৰিত গোলাঘাট জিলা ৰাভা জাতীয় পৰিষদ আৰু গোলাঘাট জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত দেওঁবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাভা জাতীয় অভিৱৰ্তন অনুষ্ঠিত হয় । ধুপগুৰি স্থিত ৰাভা জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত অভিৱৰ্তনৰ পুৱা তোৰণৰ দ্বাৰ মুকলি কৰে গোলাঘাট জিলা ৰাভা জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি নিৰণ চন্দ্ৰ ৰাভাই । গোলাঘাট জিলা ৰাভা জাতীয় পৰিষদৰ সভাপতি ৰোহিত কুমাৰ ৰাভাই পুৱা পতাকা উত্তোলন কৰাৰ পিছতেই স্মৃতি তৰ্পণ কৰে সমাজ কৰ্মী চতুৰাম ৰাভাই । ইয়াৰ পিছতেই অনুষ্ঠিত গছ পুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাভা জাতীয় পৰিষদৰ সভাপতি ইন্দ্ৰেশ্বৰ ৰাভাই । বিয়লি ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নৰেন চন্দ্ৰ ৰাভা, সাধাৰণ সম্পাদক গোপাল কৃষ্ণ ৰাভা আৰু মুখ্য উপদেষ্টা বাবুল চন্দ্ৰ ৰাভাৰ উপস্থিতিত এক প্ৰতিনিধি মুলক সাধাৰণ সভা অনুষ্ঠিত হয় । প্ৰতিনিধি সভা উদ্বোধন কৰে গোলাঘাট জিলা ৰাভা জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা অমৰ ৰাভাই। আনহাতে সন্ধিয়া অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে ৰোহিত ৰাভাই। অমৰ ৰাভাই উদ্বোধন কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে গোলাঘাট জিলা ৰাভা জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক ইন্দ্ৰেশ্বৰ ৰাভাই। মুকলি সভাৰ উক্ত গাম্ভিয্যপূৰ্ণ অনুষ্ঠানতে ‘আপনিচাপ’ নামৰ এখন স্মৃতিগ্ৰন্থ আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰশু তামুলীয়ে। অনুষ্ঠানত বিধায়িকা ৰ’জলীনা তিৰ্কী, প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালা , অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক ৰাজু ফুকন,অসম ক’অপাৰেটিভ এপেক্স বেংকৰ উপাধ্যক্ষ বিশ্বজিৎ ফুকন, সৰুপথাৰ শাখা সাহিত্য সভাৰ সভাপতি সূৰ্য্য গগৈ, সম্পাদক নৱমী চুতীয়া সহ ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে‌ অংশগ্ৰহণ কৰে।মুকলি সভাৰ পিছতেই বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

Leave A Reply

Your email address will not be published.