দৈনন্দিন জীৱনত সুস্বাস্থ্যৰ গৰাকী হৈ থকাৰ কিছুমান সাধাৰণ “HEALTH TIPS”
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত প্ৰত্যেকজন লোকেই স্বাস্থ্যৰ সম্পর্কে অথবা স্বাস্থ্যৰ যতন সম্পর্কে জনাটো খুবেই প্ৰয়োজন। এই বিষয়টোক সকলোৱে নিজৰ জীৱনৰ এটা প্ৰয়োজনীয় বিষয় হিচাপে লোৱাটো নিত্যান্তই প্ৰয়োজনীয়।
দৈনন্দিন জীৱনত সুস্থ হৈ থাকিবলৈ প্ৰয়োজনীয় কেইটামান HEALTH TIPS :
১) সুস্থ হৈ থাকিবলৈ হ’লে পুৱা শুৱাৰ পৰা উঠি ৩/৪ গিলাচ পানী খাব লাগে। পৰাপক্ষত সোনকালে উঠি দন্তমঞ্জণ নকৰাকৈয়ে ৩/৪গিলাচ কুহুমিয়া পানী খাব লাগে। তেনেস্থলত আপোনাৰ শৰীৰৰ TOXINS বাহিৰলৈ উলাই যায়। ধ্যান দিব যে পানী সেৱন কৰাৰ ৪৫ মিনিটৰ অন্তত যিকোনো আহাৰ গ্রহণ কৰিব।
২) দৈনন্দিন ব্যায়াম কৰাৰ অতি প্ৰয়োজনীয়। এই অভ্যাসে আপোনাক সুস্থ কৰি ৰখাত সম্পূর্ণ সহায় কৰে। দৈনন্দিন শৰীৰ, মন সুস্থ কৰি ৰাখিবৰ বাবে যিকোনো ব্যায়াম কৰাটো দৰকাৰী। পুৱা শুই উঠি সদায় অতিকমেও ২০মিনিট সময় ব্যায়াম কৰিব লাগে। পুৱাৰ ব্যায়ামে আপোনাক দিনটোৰ বাবে সতেজ কৰি ৰাখিব।
৩) পুৱাৰ আহাৰৰ ওপৰত অধিক গুৰুত্ব দিব লাগে কাৰণ পুৱাৰ আহাৰতে শৰীৰে ৫০% এনার্জি নিৰ্ভৰ কৰে। পুৱাৰ আহাৰত যদি অংকুৰিত চানা (SPROUTED GRAMS & PULSES), এটা মৌচুমী ফল আৰু অলপ DRY FRUITS ল’ব লাগে ইয়াৰোপৰি ফল-মূলৰ ৰসো শৰীৰৰ বাবে শক্তিদায়ক।
৪) সুস্থ থাকিবৰ বাবে আন এটা ভাল টিপচ হৈছে আহাৰ খোৱাৰ পিছত লগা লগ পানী খাব নালাগে। ফলত শৰীৰে সঠিকভাৱে খাদ্য গ্ৰহণ কৰিব নোৱাৰে।সেইবাবে আহাৰ গ্ৰহণৰ ৪৫ মিনিটৰ পিছত হে সাধাৰণতে পানী খাব লাগে। কুহুমিয়া পানীৰ ব্যৱহাৰে শৰীৰ বেছি সুস্থ কৰি ৰাখে।
৫) স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে চেনিৰ ব্যৱহাৰ একেবাৰে হ্ৰাস কৰিব লাগে। চেনিয়ে আমাৰ শৰীৰত যথেষ্ট ক্ষতি কৰে।