জনপ্ৰিয় চ’চিয়েল ছাইট ফেচবুকৰ আজি জন্ম দিন

ডিজিটেল ডেস্ক: বিগত দুটা দশক ধৰি উন্নতমানৰ টেকন’লজি সমুহে মানুহৰ জীৱন ধাৰণত বৃহৎ পৰিবৰ্তন সাধন কৰিছে। কম্পিউটাৰ, ম’বাইল ইন্টাৰনেট আদিয়ে সমগ্ৰ বিশ্বক আমাৰ হাতৰ মুঠিলৈ আনি দিলে।এই আটাইবোৰৰ ভিতৰত চ’চিয়েল মিডিয়াৰ জড়িয়তে চ’চিয়েল জীৱনলৈ অনা পৰিবৰ্তনত আজি অৰ্থাৎ ৪ ফেব্ৰুৱাৰীৰ দিনটোৰ এক বিশেষ সম্পৰ্ক আছে।২০০৪ চনৰ ৪ ফেব্ৰুৱাৰীৰ‌ দিনাই মাৰ্ক জুকাৰবাৰ্গে তেওঁৰ তিনিজন বন্ধুৰ সৈতে লগ লাগি ফেচবুক ‌নামৰ এটা ৱেবছাইট মুকলি কৰি তাত ফ্ৰেইণ্ড আৰু লাইকৰ ব্যৱস্থা কৰি দিছিল।ইয়াৰ পিছতে জনসাধাৰণৰ মাজত ফেচবুকৰ জনপ্ৰিয়তা সাংঘাটিক ধৰনে বৃদ্ধি‌ পাইছিল।বৰ্তমান ফেচবুকটো মানুহৰ জীৱনশৈলীৰ সতে একাত্ম হৈ পৰা দেখা গৈছে। জুকাৰবাৰ্গে বিশ্ববাসীক এনেকুৱা এটা উপহাৰ প্ৰদান কৰিলে যিটোৱে তেওঁৰ জীৱন সলনি কৰাৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বৰ ছবি সলনি কৰি পেলালে। উল্লেখ্য যে বৰ্তমান চচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ নতুন ছাইট ৰ আৰ্বিভাৱ হৈছে যদিও ফেচবুকৰ স্থিতি সবল হৈ থকাৰ লগতে ইয়াৰ জনপ্ৰিয়তাও বৃদ্ধি‌ হোৱা পৰিলক্ষিত হৈছে।

Comments (0)
Add Comment