Daily Time Axom

আমেৰিকাৰ গায়ক ৰিহানা আৰু মিয়া খলিফাৰ পিছত কৃষক আন্দোলনক লৈ অক্ষয় কুমাৰৰ টুইট

0 7

ডিজিটেল ডেস্ক: নতুন কৃষি আইনৰ বিৰোধিতাৰে কৃষকসকলৰ আন্দোলন বৰ্তমানেও অব্যাহত আছে। গণৰাজ্য দিৱসৰ দিনা নিজ সিদ্ধান্তত অটল হৈ থকা প্ৰতিবাদী কৃষকসকলে দিল্লীত ট্ৰেক্টৰ ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে এক হিংসাত্মক ঘটনাৰ সৃষ্টি হৈছিল।ইয়াৰ পিছতে এই আন্দোলনক লৈ বিভিন্ন জনে বিভিন্ন ধৰনে মন্তব্য দিয়া পৰিলক্ষিত হৈছিল। শেহতীয়াকৈ কৃষক আন্দোলনক সমৰ্থন কৰি আমেৰিকাৰ গায়ক ৰিহানাই টুইট কৰিছিল।ইয়াৰ পিছতে মিয়া খালিফাইও টুইটযোগে নিজৰ মন্তব্য আগবঢ়াইছিল। তেওঁলোকৰ টুইট সমুহৰ পিছতে চ’চিয়েল মিডিয়াত কৃষক আন্দোলনক লৈ ব্যাপক আলোচনা হৈ থকাৰ মাজতে বুধবাৰে বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰেও টুইট কৰা দেখা গৈছে। তেওঁ লিখিছে যে “কৃষকসকল দেশৰ এটা বিশেষ ভাগ। তেওঁলোকৰ সমস্যা সমুহ সমাধানৰ বাবে বিভিন্ন ধৰনে চেষ্টা কৰাও দৃষ্টি গোচৰ হৈছে।আমি অন্য কথাত লাগি থকাতকৈ এই সমস্যাৰ এটা সুন্দৰ সমাধান কৰিব লাগে।”উল্লেখ্য যে অক্ষয় কুমাৰে সততে যিকোনো বিষয়ত মত প্ৰকাশ কৰা দেখা নাযায়। গতিকে অভিনেতা গৰাকীয়ে কৃষক আন্দোলনক লৈ দিয়া এই মন্তব্যৰ পিছতে বিভিন্ন জনে কমেন্টৰ যোগেদি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে।

Leave A Reply

Your email address will not be published.