Daily Time Axom

বৰক্ষেত্ৰীৰ দৌলাশাল হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতাক বিদায় সম্বৰ্ধনা

0 7

ডিজিটেল ডেস্কঃ শুকুৰবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ অন্যতম শিক্ষানুষ্ঠান দৌলশাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতাক বিদ্যালয় কৰ্তৃপক্ষই আৰু ছাত্ৰ-ছাত্ৰীসকলে আনুষ্ঠানিক ভাৱে বিদায় সম্ভাষণ জনায় । লকডাউনৰ সময়তে যোৱা ৩১ মাৰ্চত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতাই । ১৯৭৯ চনতে বিদ্যালয়খনত শিক্ষক হিচাপে নিযুক্ত হৈ চাৰি দশকৰো অধিক কাল বিদ্যালয়খনৰ জৰিয়তে মানৱ সম্পদ সৃষ্টিত অৰিহণা যোগাই অহা ভৱেন কুমাৰ কলিতাই অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীক ইংৰাজী বিষয়ত শিক্ষা দান কৰি শৈক্ষিক দিশত প্ৰভুত বৰঙণি যোগাইছিল । আজি বিদ্যালয়ৰ প্ৰধান শিক্ষক চৰিফুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত বিদায়ী সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ ভাৰ্গৱ চৌধুৰীয়ে । শিক্ষক ৰমনী নাথ আৰু গণেশ তামুলীয়ে আঁত ধৰা সভাখনত দশম শ্ৰেণীৰ ছাত্ৰী লকমিনা পাৰবিনকে ধৰি কেইবা গৰাকী ছাত্ৰীয়ে প্ৰিয় শিক্ষক গৰাকীক বিদায় সম্ভাষণ জনোৱা ভাষণত আবেগিক হৈ পৰে। বিদায়ী শিক্ষক ভৱেন কুমাৰ কলিতাক ফুলাম গামোচা,জাপি,শৰাই,মান পত্ৰ, কিতাপৰ টোপোলা, ধৰ্মগ্ৰন্থ, ছাটি ইত্যাদিৰে সম্বৰ্ধনা জনায় ৷

Leave A Reply

Your email address will not be published.