Daily Time Axom

শনিবাৰৰ পৰা আৰম্ভ হৈছে গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা

0 66

ডিজিটেল ডেস্ক: গ্ৰন্থ আৰু সাহিত্যৰ বৌদ্ধিক পৰিৱেশৰ সৃষ্টি কৰি শনিবাৰৰ পৰা আৰম্ভ হৈছে গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা। বিশিষ্ট সাহিত্যিক অৰুপা পটংগীয়া কলিতা আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক তথা বিশিষ্ট সাংবাদিক নিতুমণি শ‌ইকীয়াৰ উপস্থিতিত উক্ত অনুষ্ঠানৰ দ্বাৰ উন্মোচন আৰু উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়।মোবাইলৰ পৰা গ্ৰন্থৰ মাজলৈ ঘুৰাই অনাৰ থিম লৈ চলিত মাহৰ ৬ ৰ পৰা ১৪ ফেব্ৰুৱাৰী লৈ গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আয়োজিত হৈছে গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা।ভক্স পপুলীৰ উদ্যোগত আয়োজিত উক্ত গ্ৰন্থমেলাত গোলাঘাটৰ পঢ়োৱৈ সমাজৰ পৰা প্ৰথমদিনাই লাভ কৰিছে ব্যাপক সঁহাৰি।টেকন’লজিৰ মাজত সীমাবদ্ধ হৈ থকা বুলি সততে যুৱ-প্ৰজন্মক দিব খুজা বদনামক অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অতিথি দুগৰাকীয়ে একেমুখে নস্যাৎ কৰি কয় যে সাহিত্য চৰ্চা আৰু গ্ৰন্থৰ অনুৰাগত অসমৰ যুৱ-প্ৰজন্মৰ আছে বিশেষ হেঁপাহ। গুৱাহাটী গ্ৰন্থমেলাত অভিলেখ সংখ্যক কিতাপ বিক্ৰীৰ আঁৰতো যুৱ-প্ৰজন্মৰ বিশেষ অৰিহণা আছে বুলি মন্তব্য আগবঢ়াই।

Leave A Reply

Your email address will not be published.