এল’ভেৰা ব্যৱহাৰ কৰি স্কীন গ্ল’ কৰাৰ কেইটামান সহজ টিপচ

ডিজিটেল ডেস্কঃ যিদৰে স্বাস্থ্যবান হৈ থকাটো অতি প্ৰয়োজন সেইদৰে মহিলাসকলৰ বাবে ছালখন সুন্দৰ কৰি ৰখাটো ও অতি গুৰুত্বপূৰ্ণ।
এল’ভেৰাৰ ব্যৱহাৰেৰে ছাল সুন্দৰ কৰি ৰখাৰ কেইটামান ঘৰুৱা সহজ উপায়। এল’ভেৰাই আপোনাৰ স্কীনৰ গ্ল’ বঢ়ায়, উজ্জ্বল কৰি তোলে আৰু সতেজ কৰি তোলাত সহায় কৰে। গতিকে ঘৰতে পাৰ্লাৰৰ দৰে তৈয়াৰ কৰি ব্যৱহাৰ কৰক এল’ভেৰাৰ ফেছিয়েল পেক। তলত আগবঢ়োৱা হৈছে পৰ্যায়ক্ৰমে কেইটামান ফেছিয়েল টিপচঃ

STEP 1
CLEANSING :
প্ৰথমে CLEANSING ৰ বাবে
১) ২ চামুচ এল’ভেৰা জেল
২) অলপ কেঁচা গাখীৰ
এল’ভেৰা জেলৰ সৈতে গাখীৰ ভালদৰে মিলাই মুখত ২ মিনিট সময় মাছাজ কৰিব। এনে কৰিলে স্কীনৰ পৰা দাগ আঁতৰোৱাত সহায় কৰে আৰু পৰিষ্কাৰ কৰে।মাছাজৰ পিছত কটনেৰে বা পানীৰে ভালদৰে ধুব লাগে।
কেঁচা গাখীৰ আমাৰ স্কীনৰ বাবে যথেষ্ট উপকাৰী। লগতে স্কীনৰ পৰা দাগ, গুটি আদি নাইকীয়া কৰাত সহায় কৰে।
এল’ভেৰা হৈছে এন্টিবেক্টেৰিয়েল যি আমাৰ স্কীনৰ যিকোনো ধৰণৰ সমস্যা দূৰ কৰাত ব্যৱহাৰ কৰিব পাৰি। DATES SKIN দূৰ কৰে, SUNBURN তো সহায় কৰে এল’ভেৰাৰ ব্যৱহাৰে। ই আমাৰ স্কীন উজ্জ্বল কৰে আৰু সৌন্দর্য বঢ়ায়। গতিকে এল’ভেৰাক মুখৰ স্কীনৰ বাবে এবিধ যাদুকৰী সামগ্রী বুলি ক’ব পাৰি।

STEP 2
SCRUBBING:
১) চাউলৰ গুড়ি ১ চামুচ
২) ২চামুচ এল’ভেৰা জেল
৩) ৰ’জ ৱাটাৰ ১/২চামুচ
ভালদৰে আটাইবোৰ মিহলি কৰি মুখখনত ৫মিনিট সময় ভালদৰে মাছাজ কৰিব লাগে।
আমি জানো যে, চাউলৰ গুড়ি স্কীনৰ বাবে অতি উপকাৰী। চাউলৰ গুড়িয়ে স্কীন পৰিষ্কাৰ কৰাত সহায় কৰে লগতে ইয়াৰ ব্যৱহাৰে স্কীন উজ্জ্বল ও সতেজ কৰি তোলে। এই ফেছপেক যিকোনো স্কীনত ব্যৱহাৰ কৰিব পাৰে।

STEP 3
STEAMING
১)২ মিনিট সময় গৰমপানীৰ ভাপ মুখত দিব লাগে।

STEP 4
MASSAGE
১) ২ চামুচ এল’ভেৰা জেল
২) ১/২ চামুচ গ্লিসাৰিন
৩) ভিটামিন E কেপশ্যূল
ভালদৰে মিশ্রণ কৰি মুখত লগাব লাগে। ১০মিনিট ধৰি মাছাজ কৰিব লাগে ।
গ্লিসাৰিন ছালৰ বাবে যথেষ্ট উপকাৰী। যদি আপোনাৰ স্কীন বহুত বেছি অইলী তেনেহ’লে আপুনি গ্লিসাৰিন ব্যৱহাৰ কৰিব। কাৰণ গ্লিসাৰিনে আমাৰ স্কীন মিহি কৰি ৰখাত সহায় কৰে, ডেটচ স্কীন সহজে দূৰ কৰে।
ভিটামিন- E চুলি আৰু ছালৰ বাবে বৰ উপকাৰী। ভিটামিন- E য়ে মুখৰ দাগ আঁতৰ কৰাত সহায় কৰে আৰু স্কীন বগা কৰে। এটা প্ৰাকৃতিক গ্ল’ আনে।

STEP 4
FACE PACK
১) ১ চামুচ হালধী
২) ২চামুচ এল’ভেৰা জেল
ভালদৰে মিহলি কৰি মুখত লগায় ১০ মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুব লাগে।এই ফেচপেকে আপোনাৰ স্কীনৰ সুন্দৰতা বঢ়াব।
হালধী আমাৰ স্কীনৰ বাবে উপকাৰী। হালধী আমাৰ স্কীনত প্ৰাকৃতিক গ্ল’ আনে। শুকান স্কীনত হালধীৰ লগত সদায় অলিভ অইল মিহলাই ব্যৱহাৰ কৰিব লাগে। যিকোনো ধৰণৰ স্কীনত এই ফেচপেক ব্যৱহাৰ কৰিব পাৰে।

Comments (0)
Add Comment