Daily Time Axom

দেশত হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ

0 12

ডিজিটেল ডেস্ক: বিগত বছৰটোত সমগ্ৰ বিশ্বতে কৰ’নাই বিভিষিকাৰ সৃষ্টি কৰিলে।কৰ’নাৰ সংক্ৰমণৰ প্ৰকোপত কৰ’নাত মৃত্যু ঘটা ৰাষ্ট্ৰৰ শীৰ্ষ ২০ খন দেশৰ তালিকাত ভাৰতৰ নামটোও অন্তৰ্ভুক্ত হৈ পৰিছিল। কিন্তু শেহতীয়াকৈ দেশত হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ। মহাৰাষ্ট্ৰ আৰু গোৱাৰ বাহিৰে দেশৰ অনান্য ৰাজ্যসমূহতো ক্ৰমান্বয়ে হ্ৰাস পাবলৈ লৈছে কৰ’নাৰ সংক্ৰমণ। দেশৰ মহাৰাষ্ট্ৰ আৰু গোৱাত কৰ’নাৰ সংক্ৰমণ থাকিলেও বাকি ৰাজ্যসমূহত ১০০ জন লোকৰ কৰ’না টেষ্ট কৰাৰ পিছত প্ৰায় দহ জনৰো কম সংক্ৰমিতহে চিনাক্ত হোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ইয়াৰ পিছতে কৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱাৰ বাবে ৰাষ্ট্ৰৰ ২০ খন শীৰ্ষ দেশৰ ভিতৰত অন্তৰ্ভুক্ত হৈ থকা ভাৰত শীৰ্ষৰ ২০ খন দেশৰ তালিকাৰ পৰা বাহিৰলৈ আহিল। বৰ্তমান উক্ত তালিকা খনৰ ২২ নম্বৰ স্থানত অন্তৰ্ভুক্ত হৈ আছে ভাৰত।

Leave A Reply

Your email address will not be published.