Daily Time Axom

পঢ়া লেখাৰ অবিহনে সফলতাৰ শীৰ্ষত আৰোহণ কৰিছে এগৰাকী বিশেষ ব্যক্তিয়ে

0 7

ডিজিটেল ডেস্ক: পঢ়া লেখাৰ অবিহনে সফলতাৰ শীৰ্ষত আৰোহণ কৰিছে এগৰাকী বিশেষ ব্যক্তিয়ে।মাত্ৰ সপ্তম শ্ৰেণীলৈকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা ৮২ বছৰীয়া ব্যক্তিগৰাকীয়ে জানে ১৪ টাকৈ ভাষা। চলিত বছৰত পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী ব্যক্তিৰ নাম হৈছে আলী মাণিকাফান। বৰ্তমান কেৰালাৰ অ’লাভনা চহৰত বাস কৰা মাণিকাফানে পুৰ্বে লক্ষাদ্বীপৰ মিনিকায় দ্বীপত বাস কৰিছিল।৯বছৰ বয়সত অধ্যয়নৰ বাবে কেৰালাৰ কান্নুৰলৈ অহা মাণিকাফানে সপ্তম শ্ৰেণীলৈকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি পুনৰ উভতি গৈছিল মিনিকা‌য় দ্বীপলৈ।জানিব পৰা মতে তেওঁ ১৯৫৬ চনত ছমাহৰ বাবে কলিকতালৈ গৈছিল আৰু তেতিয়াই তেওঁ কলিকতাত বিভিন্ন বিষয়ৰ কিতাপ দেখি গৃহভিমুখে উভতাৰ পথত লগত লৈ আনিছিল।সেই কিতাপ সমুহ পঢ়ি পঢ়িয়েই তেওঁ আৰবী,ই‍ংৰাজী,হিন্দী,মালায়ালাম,ফৰাচী,ৰাছিয়ান, জাৰ্মান,সিংহলী, পাৰ্ছী, ,তামিল, সংস্কৃত আৰু উৰ্দু আদি বিভিন্ন ভাষা আয়ত্ত্ব কৰিছিল।ইয়াৰ সমান্তৰালভাৱে তেওঁ ভাষা আয়ত্ত্ব কৰাৰ বাবে স্থানীয় বিভিন্ন লোকৰ কাষ চাপিছিল। আটাইকেইটা ভাষাতে ভাৱ বিনিময়ৰ সুযোগ লাভ নকৰাৰ বাবে মাত্ৰ হিন্দী, ইংৰাজী, মালায়ালম, উৰ্দু,তামিল,তেলেগু ভাষাতহে ভাৱ বিনিময় কৰিব পাৰে মাণিকাফানে।

Leave A Reply

Your email address will not be published.