Daily Time Axom

আপুনি মোজা পিন্ধি শুৱে নেকি?তেন্তে ই আপোনাৰ বাবে বিপদ হ’ব পাৰে,চাওক কেনেকৈ

0 11

ডিজিটেল ডেস্ক: ঠেঁটোৱৈ ধৰা জাৰৰ সময়খিনিত ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সাধাৰণতে ‌গৰম কাপোৰ পৰিধান কৰো।এইকেইটা দিনত ঠাণ্ডাৰ পৰা নিজকে বচাই ৰাখিবলৈ আমি সমগ্ৰ দেহটো ঊনৰ বা যিকোনো গৰম কাপোৰেৰে নিজকে আৱৰি ৰাখোঁ।কাণ,মূৰ,হাতৰ সমান্তৰালকৈ ভৰি দুটা গৰম কৰি ৰাখিবলৈ আমি প্ৰায় সংখ্যকেই মোজা পৰিধান কৰোঁ।মোজা পিন্ধি আমি যথেষ্ট আৰাম অনুভৱ কৰো যদিও এই আৰামে আমাক বিপদত পেলাব পাৰে। আপুনি যদি মোজা পিন্ধি শোৱে তেন্তে আপুনি বিপদত পৰিব পাৰে।মোজা পিন্ধি শোৱাৰ বাবে আপুনি মাৰাত্মক ক্ষতি হ’ব পাৰে ।মোজা পিন্ধি শুলে ভৰি ঘামে যাৰ ফলত সংক্ৰমণ হোৱাৰ আশংকা থাকে।মোজা পিন্ধি শুলে শৰীৰত ৰক্ত সঞ্চালন হ্ৰাস পায়। আৰু ই শৰীৰৰ বাবে অতি বিপজ্জনক।ইয়াৰ সমান্তৰালকৈ নাইলনৰ মোজা পৰিধান কৰাটো শৰীৰৰ বাবে অনুপযোগী।এনে মোজাই ছালৰ ক্ষতি কৰে সেয়ে সুতাৰ মোজা পিন্ধাই অতি লাভজনক।শৰীৰে অধিক গৰম লাভ কৰাটোও উপযোগী নহয় ৰাতি মোজা পিন্ধি শুলে শৰীৰে অধিক গৰম লাভ কৰিব পাৰে ।ৰাতি মোজা পিন্ধি শুলে এনে বহু সৰু বৰ সমস্যা আৰু ক্ষতি হ’ব পাৰে। গতিকে শোৱাৰ সময়খিনিত মোজা নিপিন্ধাই অতি উত্তম।

Leave A Reply

Your email address will not be published.