Daily Time Axom

সৰুপথাৰত ঝুমুইৰ নৃত্যৰ কৰ্মশালা

0 11

ডিজিটেল ডেস্ক: অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধিনষ্ঠ সৰুপথাৰ সাংস্কৃতিক কেন্দ্রৰ উদ্যোগত লগতে খনিকৰ নৱজাগৰণ সাংস্কৃতিক ঝুমুইৰ মঞ্চৰ পূর্ণ সহযোগত বৃহস্পতিবাৰৰ পৰা এক ঝুমুইৰ নৃত্য কৰ্মশালা অনুষ্ঠিত হৈছে। সৰুপথাৰ খনিকৰ গাঁওস্থিত গড়গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হোৱা ঝুমুইৰ নৃত্য কৰ্মশালা এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সমাজকৰ্মী জয়ৰাম কৰ্মকাৰে।সৰুপথাৰ সাংস্কৃতিক কেন্দ্রৰ কাৰ্যালয়ৰ সহায়ত প্ৰদীপ গগৈয়ে আঁতধৰা শুভাৰম্ভণী অনুষ্ঠানত ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।
৭দিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ আগবঢ়াই প্ৰশিক্ষক ক্ৰমে মণিৰাম গোৱালা,গৌতম চুতীয়া আৰু মিনেশ্বৰ মুণ্ডাই। ইফালে অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা সৰুপথাৰ সাংস্কৃতিক কেন্দ্ৰৰ কাৰ্যালয়ৰ প্ৰাংগণত আন এক টোকাৰী গীত আৰু দিহানাম কৰ্মশালা অনুষ্ঠিত হব।এই কৰ্মশালাত অংশ গ্ৰহণ কৰিব বিচৰা ইচ্ছুক সকলক পোনপটীয়াকৈ সৰুপথাৰৰ সাংস্কৃতিক কেন্দ্ৰৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰিব বুলি কাৰ্য্যালয়ৰ কৰ্মচাৰী সকলে জনাইছে।

Leave A Reply

Your email address will not be published.