বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় আৰু ধুনীয়া হাঁহ বিধৰ অসম আগমন

ডিজিটেল ডেস্ক: শীতৰ আগমনৰ লগে লগেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিল সমুহলৈ আগমন ঘটে পৰিভ্ৰমী পক্ষী সমুহৰ।ডিব্ৰুছৈখোৱা জৈৱ বৈচিত্ৰ্যৰ বুকুত থকা মতাপুং মাগুৰি বিললৈও আগমণ ঘটিছে এবিধ বিশেষ প্ৰজাতিৰ হাঁহৰ।বাঘজান অগ্নিকাণ্ডই জোঁকাৰি যোৱা অঞ্চলটোৰ মাগুৰি মতাপুং বিলে বৰ্তমান যেন ন সাজত নিজকে সাজিছে ।পৰিভ্ৰমী পক্ষীৰ কলৱৰত মুখৰিত হৈ পৰিছে মাগুৰি মতাপুং বিল।সাত সাগৰ তেৰ নদীৰ সীপাৰৰ উত্তৰ আমেৰিকাৰ পৰা মতাপুং বিললৈ আহিছে মাণ্ডাৰিন ডাক(Mandarin duck)নামৰ এবিধ বিশেষ হাঁহ।আমেৰিকাৰ কেলিফৰ্ণিয়াত স্থায়ী ভাৱে থকা এইবিধ হাঁহ বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় ধুনীয়া হাঁহ হিচাপে পৰিচিত। উল্লেখ্য যে ৰাছিয়া,জাপান, চীন, উত্তৰ কোৰিয়া আদি বিভিন্ন দেশত দেখিবলৈ পোৱা এই বিশেষ প্ৰজাতিৰ হাঁহ বিধ ১২০ বছৰৰ পাছত অসমলৈ আহিছে বুলি চৰ্চিত হৈছে।চালে চকুৰোৱা এই বিশেষ হাঁহটোৰ অসম আগমনত বৰ্তমান প্ৰকৃতিপ্ৰেমী সকল উৎফুল্লিত হৈ ৰাজ্যৰ প্ৰচুৰ সম্ভাৱনাময় পৰ্যটন ক্ষেত্ৰ মাগুৰি মতাপুঙ বিলত অপূৰ্ব সুন্দৰ পৰিভ্ৰমী মেণ্ডাৰিন ডাকক চাবলৈ এতিয়া ভিৰ কৰিছেহি অগনন লোকে ।

Comments (0)
Add Comment